Sangsthita Sharma


গল্প:

সেই আঁহতজোপা আৰু মিনিৰ মৰম

সংস্থিতা শৰ্মা

          মিনিৰ প্ৰিয় প্ৰকৃতি৷ খুব ভাল পায় তাই প্ৰকৃতি৷ গছ গছনি, চৰাই, পোক-পতংগ, জীৱ জন্তু আদিবোৰক তাই প্ৰাণভৰি ভাল পায়৷ তৰাবোৰৰ জিকমিকনি, ডাৱৰবোৰৰ লুকা-ভাকু, আদি অন্ত নথকা নেই আকাশখন চাই চাই মিনিয়ে খাবলৈ শুবলৈয়ে পাহৰি যায়৷

          “কিমান যে ভাল ভাল বস্তু পাওঁ আমি প্ৰকৃতিৰ পৰা”– মিনিৰ এয়ে ভাৱ৷

        পিছে এদিন মিনিৰ জীৱনলৈ এনে এটা দুখলগা সময় আহিছিল, যে তাক মিনিয়ে কেতিয়াও পাহৰিব নোৱাৰে৷

          সেইদিনা আছিল দেওবাৰ৷ অৰ্থাৎ, মিনিহঁতৰ স্কুল বন্ধ৷ মিনিহঁতৰ ঘৰলৈ পুৱা ন বজাতেই তাইৰ লগৰীয়া বিকি, মাতু, ৰুণ, মামন আদি খেলিবলৈ আহিল৷ কিয়নো সকলোৰে প্ৰিয় ঠাই হ’ল সিহঁতৰ ঘৰখন৷ সিহঁতৰ ঘৰত থকা সেই বৃহৎ আঁহতজোপা৷ মিনিয়ে তাইৰ পাঁচবছৰীয়া জন্মদিনত নিজ হাতেৰে ৰুইছিল৷ প্ৰথম বুদ্ধিটো মামনেই দিলে৷ সি ক’লে,

          “ব’ল, আমি দৌৰ প্ৰতিযোগিতা পাতোঁ৷ যোনে আহি প্ৰথমে আঁহতজোপা চুব; সিয়েই জিকিব৷”

          সকলোৱে কথাটোত হয়ভৰ দিলে৷ সেই সময়ত এজাক শীতল বতাহে সকলোকে চুই গ’ল৷ মিনিহঁতেও খেলা আৰম্ভ কৰিলে৷ এই গছজোপাৰ তলত যে কিমান খেল খেলিব পাৰি৷ সেই কথা ভাবিয়েই সকলোৰে বৰ ফূৰ্তি লাগে৷

          লাহে লাহে আন্ধাৰ নামি আহিল৷ ল’ৰা ছোৱালীবোৰৰ খেলি খেলি ভাগৰেই লগা নাই৷ তথাপি মাকহঁতে চিন্তা কৰিব বুলি তাতেই সামৰিলে৷ সকলো ঘৰাঘৰি গ’ল৷ মিনিয়েও বেলি ডুবাৰ সেই বিশেষ দৃশ্যটো চাই ঘৰলৈ ঢাপলি মেলিলে৷

          হঠাৎ ৰুমৰ ভিতৰত মাক দেউতাকৰ কথা শুনি মিনি থমকি ৰ’ল৷ তাই দেউতাকে কোৱা শুনিলে– “সেই আঁহতজোপাই বহুত ঠাই এনেই আগুৰি আছে৷”

          মাক– “অ’ হে, এনেয়েও সেইডালৰপৰা আমাৰ একো উপকাৰো হোৱা নাই৷ গতিকে গছডাল কাটি পেলেৱাই ভাল৷”

          কথাটোত দেউতাকেও হয়ভৰ দিলে৷ তেওঁ ক’লে– “তুমি ঠিকেই কৈছা৷ অহা দেওবাৰৰ ভিতৰত গছজোপা কটোৱাই পেলাম৷”

          মাক– “অ’ অ’, হ’ব বাৰু, এতিয়া আহা৷ মই চাহ বনাওঁ৷”

          দেউতাক– “অ’, ব’লা৷”

          মিনিৰ চকু পানীৰে ভৰি পৰিছিল৷ তাই দুখতে খাবলৈ খেলিবলৈ এৰি দিলে৷

          শণিবাৰৰ দিনা মিনিৰ খুবেই দুখ লাগিল৷ শেষবাৰলৈ তাই গছজোপা চাই ল’লে৷ ৰুমলৈ গৈ কান্দি কান্দি ৰুম তিয়াই পেলালে মিনিয়ে৷

          পিছে শেষ ৰাতিলৈ এজাক ডাঙৰ ধুমুহা আহিল৷ বহুতৰে ঘৰ উৰি গ’ল৷ পিছে আচৰিত ধৰণে মিনিহঁতৰ ঘৰখনৰ একো ক্ষতি নহ’ল৷ কাৰণ ঘৰৰ সমুখতে আছে সেই আঁহত গছজোপা৷ তাকে দেখি মিনিৰ গছজোপা নাকাটিবলৈ মাক দেউতাকক ক’ম ক’ম বুলি ভাবি থকা কথাষাৰ ক’বলৈ সাহস বাঢ়িল৷

          পুৱা তাই ক’লে– “চোৱা মা-দেউতা, কালি গছজোপীৰ কাৰণে আমাৰ জীৱন ৰক্ষা পৰিল৷ সেয়েহে এইজোপা তোমালোকে নাকাটিবা মা, প্লিজ মা-দেউতা, প্লিজ৷”

          জীয়েকৰ কথা শুনি মাক দেউতাকৰ চকু মুকলি হৈ গ’ল৷ মাকে ক’লে– “হ’ব সোণ, নাকাটো দিয়া গছজোপা৷ তুমি চিন্তা নকৰিবা৷”

          মাকৰ কথা শুনি মিনিৰ মুখ আন্ন্দতে উজলি উঠিল৷ তাই জপিয়াই জপিয়াই নিজৰ ফূৰ্তি প্ৰকাশ কৰিলে৷

          মাক দেউতাকে কেৱল তাইৰ ফূৰ্তি চাই ৰ’ল৷                     

★☆★

The story in her own handwriting is attached below….