Jutika Phukan


গল্প:

প্ৰকৃতি

জুতিকা ফুকন

()

          জ্যোতিষ্মানৰ আজি বৰ ফূৰ্তি৷ কাৰণ তাৰ আজি জন্মদিন৷ ৰাতিপুৱা শুই উঠি মাক দেউতাকে তাক জন্মদিনৰ ওলগ যাচিলে৷ জ্যোতিষ্মান আজি অলপ সোনকালেই শুৱাৰপৰা উঠিল৷ ৰাতিপুৱা চাহ খাবৰ সময়ত দেউতাকে তাক ক’লে,

          : বাবা, আজি তোমাৰ জন্মদিন নাপাতো দিয়া৷

          : কিয়? তুমি ধেমালি কৰা নাইতো পাপা?

          : নহয় বাবা, মই ধেমালি কৰা নাই৷

          : নহ’লেচোন মই মোৰ ফ্ৰেইণ্ডৰপৰা গিফ্ট কেনেকৈ পাম?

          : হা! তুমি তাৰমানে আজিলৈকে গিফ্ট পাবৰ কাৰণেই জন্মদিন পাতিছিলা?

          : মানে গিফ্ট পালে ভাল লাগে দিয়াচোন আৰু, বাৰ্থডেত গিফ্টতো দিয়েই৷

          : মই তোমাক আজি এটা নহয় দুটা গিফ্ট দিম, হ’বনে?

          : অ’কে পাপা৷ কিন্তু পাপা, মই কিন্তু স্কুলত চকলেট দিম৷

          : ঠিক আছে, এতিয়া যোৱা৷ গা পা ধুই ভাত খাই স্কুললৈ ওলোৱাগৈ৷ ময়ো অফিচ যাব লাগিব নহয়৷

          : অ’ অ’৷ গাটো ধুই লওঁ ন৷

          এইবুলি জ্যোতিষ্মান বাথৰুম পালেগৈ৷ গা পা ধুই সি দেউতাকৰ লগত স্কুললৈ গ’ল৷

          গধূলি স্কুলৰপৰা আহি সি দেউতাকৰ কাৰণে বাট চাই আছে৷ কাৰণ দেউতাকে তাক দুটা গিফ্ট আনি দিম বুলি কৈছিল৷

          এসময়ত দেউতাক আহি পালেহি৷ তাৰ ৰ’বলৈ সময় নাই৷ দেউতাকক গিফ্ট দুটাৰ কথা সুধিবলৈ সি বাহিৰলৈ লৰ মাৰিলে৷ সি দেউতাকক সুধিলে,

          : পাপা, মোলৈ কি আনিছা? মনত আছেনে তোমাৰ? তুমি যে মোক দুটা গিফ্ট আনি দিম বুলি কৈছিলা?

          : অ’ অ’ বাবা আনিছোঁ৷ দুটা গিফ্টেই আনিছোঁ৷ ব’লা ঘৰলৈ ব’লা৷ প্ৰথমতে ঘৰলৈ ব’লাচোন৷

          দেউতাকে জ্যোতিষ্মানক এটা সজাত বন্দী ভাটৌ চৰাই আৰু এখন কিতাপ আনি দিলে৷ কিতাপখনৰ নামটো হ’ল ‘প্ৰকৃতিক ভাল পোৱা ল’ৰাজন’৷ জ্যোতিষ্মানৰ চৰাইটো বৰ ভাল লাগিল৷ কিন্তু সি কিতাপখন ইমান ভাল নাপালে৷ কিতাপখন সেইদিনা সি নুচুলেই৷

          ৰাতি ভাত খাই জ্যোতিষ্মান শুৱাৰ পিছত তাৰ মাকে দেউতাকক ক’লে,

          : তুমি তাক চৰাইটোনো কিয় দিছা? পঢ়া শুনা নকৰিব আৰু চৰাইটোৰ লগতে খেলি থাকিব৷

          : চৰাইটো মই তাক এটা কাৰণত দিছোঁ৷ চাই থাকা, তাৰ পিছত দেখিবা৷

          : জানো, তোমাৰ এই কাৰণ হ’লে মই একো বুজি পোৱা নাই৷

(২)

          আজি এমাহ হ’ল, জ্যোতিষ্মানে দেউতাকে দিয়া কিতাপখন পঢ়াতো দূৰৰে কথা, এবাৰলৈ মেলিও চোৱা নাই৷ এদিন এটা দেওবাৰত দেউতাকে তাক ওচৰলৈ মাতি আনি ক’লে,

          : বাবা, মই দিয়া কিতাপখন তুমি পঢ়া নাই!

          : মানে পাপা মই অসমীয়া কিতাপ পঢ়িব নোৱাৰোঁ৷

          : মই পঢ়ি দিম, লৈ আনা কিতাপখন৷

          তেনেকৈ দেউতাকে জ্যোতিষ্মানক কিতাপখন পঢ়ি শুনালে৷ কিতাপখন জ্যোতিষ্মানৰ ভাল লাগিল৷ এদিন সি দেউতাকক ক’লে,

          : পাপা, মই চৰাইটো এৰি দিওঁ৷

          : কিয়?

          : কাৰণ কিতাপখনত থকা চৰাইবিলাকৰ কথা ভাবি মোৰ দুখ লাগিছে৷ সিহঁতক যদি আমি এনেদৰে সঁজাত বন্দী কৰি থওঁ, কিমান দুখ লাগে সিহঁতেহে বুজে৷ গতিকে পাপা মই চৰাইটো এৰি দিওঁ৷

          : ঠিক আছে বাবা, এৰি দিয়া৷

          জ্যোতিষ্মানে সেইদিনাখনৰপৰা চৰাই চিৰিকটি, গছ গছনি ভাল পোৱা হ’ল৷ সি সদায় চৰাইক চাউল খাবলৈ দিয়ে৷ সি এদিন ভাবিলে, আজিৰপৰা প্ৰত্যেকটো জন্মদিনত সি গছ পুলি ৰুব৷ জন্মদিন নাপাতে৷ সি কথাটো দেউতাকক ক’লে৷ দেউতাকেও বৰ ভাল পালে৷ মাকে আজিহে বুজিলে জ্যোতিষ্মানক দেউতাকে কিয় চৰাইটো আৰু লগতে কিতাপখন আনি দিছিল৷ মনে মনে মাকে জ্যোতিষ্মানৰ দেউতাকক প্ৰশংসা কৰিলে৷

☆★☆

The story in her own handwriting is attached below….